অসমলৈ ২০২৭ চনত প্ৰদৰ্শনৰ বাবে অনা হ’ব ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ

■ অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ ২০২৭ চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত কালি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰহালয়ৰ কৰ্তৃপক্ষৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে।

শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সহযোগীসকলে সৃষ্টি কৰা এই আপুৰুগীয়া বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়ৰ পৰা অসমত ডেৰ বছৰৰ বাবে প্ৰদৰ্শন কৰিবলৈ অনা হ’ব। ইয়াৰ আগেয়ে খানাপাৰাত ইতিমধ্যে চৰকাৰে আবণ্টন দিয়া ভূমিত জে ডব্লিউ এছ ফাউণ্ডেচনে এটা অত্যাধুনিক সংগ্রহালয় গঢ়ি তুলিব। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কালি এই চুক্তি স্বাক্ষৰৰ পাছত অত্যন্ত আনন্দিত আৰু অভিভূত বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কালি লণ্ডনৰ প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।