অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি মন কি বাতত অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ অকাল বিয়োগতো গভীৰ শোক প্রকাশ কৰে। নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা জুবিন গাৰ্গৰ অসমৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, যে শিল্পীগৰাকীৰ সংগীতে পৰৱৰ্তী প্ৰজন্মসমূহক সদায়েই আচ্ছন্ন কৰি ৰাখিব। ইফালে শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত ঘৰত শ্রদ্ধাঞ্জলি জনাবলৈ গুণমুগ্ধৰ স্রোত অব্যাহত আছে। কালি দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীয়ে শিল্পীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। আজি আদ্যশ্ৰাদ্ধৰ কাৰণে সৰভোগ অঞ্চলৰ ব্যৱসায়ীসকলে এহেজাৰ লিটাৰতকৈও অধিক দৈ যোগান ধৰিছে। শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে নতুন নতুন তথ্য পোহৰলৈ আনিছে। কালি তদন্তকাৰী দলটিয়ে শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰে। শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ সদস্যই চি আই ডিক দিয়া এজাহাৰত ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ লগতে দুৰ্ঘটনাটোৰ সময়ত সেই স্থানত উপস্থিত থকা সকলোৰে নাম উল্লেখ কৰা হৈছে। এছ আই টিৰ সদস্যই কালি এই সন্দৰ্ভত তেওঁলোকৰ সৈতে মত বিনিময় কৰে। ইপিনে, শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত অভিনেত্রী নিশিতা গোস্বামী, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্রভা মহন্তক কালিও দ্বিতীয় দিনাৰ বাবে উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত ১২ ঘণ্টা জুৰি জেৰা কৰা হয়। নিজকে সাংস্কৃতিক কর্মী বুলি জাহিৰ কৰা অভিযুক্ত শ্যামকানু মহন্তৰ ঘৰত এছ আই টিয়ে চৰকাৰী ছিল-মোহৰ লগায়। অভিযুক্ত মহন্তৰ বিৰুদ্ধে চি আই ডিয়ে জালিয়াতিৰ নতুন গোচৰো ৰুজু কৰে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু উপ আৰক্ষী অধীক্ষক তৰুণ গোৱেল ছিংগাপুৰলৈ যাব।
Site Admin | September 29, 2025 10:39 AM | Beloved Zubeen Garg
অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ
