ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 21, 2025 6:55 PM | Beloved Zubeen Garg

printer

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ ক্রীড়া প্ৰকল্পত জনসাধাৰণৰ অন্তিম শ্রদ্ধা জ্ঞাপনৰ বাবে ৰখা হৈছে

অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ৰখা হৈছে। জনসাধাৰণে হিয়াৰ আমঠু শিল্পীগৰাকীক অন্তিম শ্রদ্ধা জ্ঞাপন কৰিছে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজি গোটেই নিশা আৰু কাইলৈও ষ্টেডিয়াম খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। দৰ্শনাৰ্থীসকলে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ পাছত ষ্টেডিয়ামখনৰ ৩ নম্বৰ দুৱাৰেৰে ওলাই যাব পাৰিব। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপনৰ বাবে যোৱা অগণন অনুৰাগীৰ সুবিধা হোৱাকৈ আজি ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখা হৈছে। ষ্টেডিয়ামলৈ অনাৰ পূৰ্বে শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলিপাৰাৰ নিজ বাসগৃহলৈ নিয়া হয়।
আজি পুৱা প্ৰায় চাৰে ৬ বজাত এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে শিল্পীগৰাকীৰ নশ্বৰদেহ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ লৈ অনা হয়। চৌদিশে কেৱল হুমুনিয়াহ আৰু চকুলোৰ মাজত শিল্পীগৰাকী অগণন জনতাৰ মাজেৰে প্ৰায় চাৰে ৬ ঘণ্টাজোৰা যাত্ৰাৰ অন্তত কাহিলিপাৰাৰ নিজ বাসগৃহত অন্তিম বাৰৰ বাবে উপস্থিত হয়। ৰাজ্য চৰকাৰে আজি সন্ধিয়া শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সন্দৰ্ভত এখন কেবিনেট বৈঠক আহ্বান কৰিছে। পৰিয়ালৰ ইচ্ছা অনুসৰি সোণাপুৰতে জুবিন গাৰ্গৰ সমাধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি ইতিমধ্যে মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে৷