অসমত ৰে’ল বিভাগৰ কাম-কাজ আশানুৰূপ হোৱা নাইঃ অজিত কুমাৰ ভূঞা

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অসমত ৰে’ল বিভাগৰ কাম-কাজ আশানুৰূপ হোৱা নাই বুলি ৰে’ল বিভাগৰ সমালোচনা কৰিছে। কালি ৰাজ্যসভাত ৰে’ল মন্ত্ৰণালয় সম্পৰ্কীয় বিতর্কত ভাগ লৈ সাংসদ ভূঞাই কয়, যে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আনকি এক্সপ্ৰেছ শ্ৰেণীৰ ৰে’লগাড়ীৰো ১২ ঘণ্টা সময় লাগে। তেওঁ কয়, যে অসমত ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। তদুপৰি অসমত দ্বৈত ৰে’লপথৰ নিৰ্মাণৰ ক্ষেত্ৰতো ৰে’ল মন্ত্ৰণালয়ে নিৰ্ধাৰিত সময় অনুসৰি কাম কৰিব পৰা নাই। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তুলনাত বহু নতুন ৰে’ল মণ্ডলক অধিক গুৰুত্ব দিয়া আৰু এন এফ ৰে’লৱেক মাহী আইৰ দৃষ্টিৰে চোৱা হয় বুলিও সাংসদগৰাকীয়ে অভিযোগ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।