January 21, 2026 7:34 PM | Santosh Trophy

printer

অসমত ৭৯সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেল আৰম্ভ

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ আজিৰে পৰা অসমত অনুষ্ঠিত হৈছে। চিলাপথাৰত আজি প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান দিনৰ ১১ বজাত অনুষ্ঠিত হয়। এইবাৰ সপ্তমবাৰৰ বাবে চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অসম প্ৰথমখন খেলত তামিলনাডুৰ হাতত ১-০ গলত পৰাজিত হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্রতিযোগিতাত দেশৰ ১২টা দলে অংশগ্ৰহণ কৰিছে। ছটা ছটাকৈ দুটা গোটত ভাগ কৰা, পশ্চিমবংগ, অসম, নাগালেণ্ড, ৰাজস্থান, উত্তৰাখণ্ড আৰু তামিলনাডুক গ্রুপ-এত আৰু ৰে’লৱেছ, ছাৰ্ভিচেছ, কেৰালা, পঞ্জাব, মেঘালয় আৰু ওড়িশাক গ্রুপ-বিত ৰখা হৈছে। ফিফা প্লাছ মঞ্চৰ জৰিয়তে প্রতিযোগিতাৰ সকলো খেল পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। নকআউট পৰ্যায়ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা শীৰ্ষ চাৰিটা দল অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ৫ ফেব্ৰুৱাৰীত ছেমি ফাইনেল খেল দুখন আৰু ৮ ফেব্ৰুৱাৰীত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।