ৰাজ্যত ২০২৪ বৰ্ষত ৪১,৭১৩ জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে প্রকাশ কৰিছে লোকসভাৰ চলিত শীতকালীন অধিৱেশনৰ কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্রী প্রতাপ ৰাও যাদৱে প্ৰকাশ কৰা মতে ২০২৪ বৰ্ষত অসমত ৪১,৭১৩ জন লোক কৰ্কট ৰোগত আক্রান্ত হৈছে। ২০২৩ বর্ষতো অসমত আনুমাণিক ৪০ হাজাৰৰো অধিক লোক এই ৰোগত আক্রান্ত হোৱা বুলি স্বাস্থ্যমন্ত্র্যালয়ে তথ্যত প্রকাশ পাইছে। আই চি এম আৰৰ ৰাষ্ট্ৰীয় কৰ্কট পঞ্জীয়ন প্রকল্পৰ তথ্যৰ উদ্ধৃতিৰে স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰা মতে অসমত বছৰি গড়ে প্রায় ৪০ হাজাৰকৈ লোক মুখৰ কৰ্কট ৰোগত আক্রান্ত হয়। ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যবস্থা গ্রহণ কৰিছে। ইয়াৰ অংশ হিচাপে জৰায়ুৰ কৰ্কট ৰোগ ধৰা পেলোৱাৰ বাবে স্বাস্থ্য বিভাগে চার্ভিকেল কেন্সাৰ স্ক্রিক্রনিং শিবিৰৰো আয়োজন কৰিছে।
Site Admin | December 7, 2025 12:05 PM | Health Ministry
অসমত ২০২৪ বৰ্ষত ৪১,৭১৩ জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ