August 6, 2025 7:43 PM | NWC team in Assam

printer

অসমত মহিলাসকলৰ সুৰক্ষাজনিত বিষয় সন্দৰ্ভত আলোচনা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ অহা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দলে আজি ৰাজ্যৰ মুখ্য সচিব আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে মহিলাসকলৰ সুৰক্ষাজনিত বিষয় সন্দৰ্ভত আলোচনা কৰে। আয়োগৰ অধ্যক্ষ বিজয়া কিশোৰ ৰাহাতকাৰৰ নেতৃত্বৰ দলটোৱে আজি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰে মহিলাসকলৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। ইয়াৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত দলটোৱে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দলটোৱে এখন ডিজিটেলী সুৰক্ষিত আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সচেতন সমাজ গঢ় দিয়াৰ বাবে মুকলি কৰা য়শোদা এ আই শীর্ষক পদক্ষেপৰ অধীনত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত এখন কৰ্মশালাৰো আয়োজন কৰে। এই কৰ্মশালাত জনসাধাৰণৰ সুৰক্ষা আৰু ডিজিটেল অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত কিদৰে কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব পৰা যায় সেই বিষয়ে অৱগত কৰোৱা হয়। তেওঁলোকে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাজ্যখনত বাল্য বিবাহ ৰোধ, চাইবাৰ অপৰাধকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে। চাইবাৰ অপৰাধৰ বলি হোৱাৰ পৰা মহিলাসকলক কিদৰে ৰক্ষা কৰিব পৰা যায় সেই বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। শীৰ্ষ আৰক্ষী বিষয়াসকলে আজি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষগৰাকীক ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধ ক্ৰমাত হ্ৰাস হোৱা, বাল্যবিবাহৰ বিৰুদ্ধে অভিযানকে ধৰি কেইবাটাও বিষয় দৃষ্টিগোচৰ কৰে। আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আদালতত অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি পাইছে। অসম চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপসমূহক অধ্যক্ষগৰাকীয়ে প্রশংসা কৰাৰ লগতে এ আই সাক্ষৰ পদক্ষেপৰ অধীনত মহিলাসকলক কৃত্রিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।