অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খছৰা ভোটাৰ তালিকা প্রস্তুত কৰিব লাগিব। ২৭ ডিচেম্বৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ ২ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হ’ব আৰু অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। নির্বাচন আয়োগে আজি প্ৰকাশ কৰা জাননী অনুযায়ী সংবিধানৰ ৩২৬ ধাৰাৰ অধীনত আৰু ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৬ আৰু ১৯ অনুচ্ছেদৰ অধীনত ৰাজ্যখনত বসবাস কৰা আৰু ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হবলগীয়া নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হব।

নির্বাচন আয়োগৰ এই সিদ্ধান্তক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই কয় যে, ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ জৰিয়তে অসমে এখন নিকা আৰু উন্নীত ভোটাৰ তালিকা লাভ কৰিব৷