ৰাজ্যত এইবাৰৰ বানত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত ৪ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুছিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, বিভিন্ন স্থানত স্থাপন কৰা ১১৩ টা আশ্রয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত প্ৰায় ৭ হাজাৰ লোকে আশ্রয় লৈ আছে। চৰকাৰে উদ্ধাৰ অভিযানৰ কামত ৰাজ্যিক দুর্যোগ সহাৰি বাহিনীৰ দল নিয়োগ কৰিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ বিভিন্ন ঠাই বানৰ কৱলত পৰিছে। জিলাখনত যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে। বানপীড়িতসকলৰ বাবে জিলা প্রশাসনে ১৫টা আশ্রয় শিবিৰ মুকলি কৰিছে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট, মৰঙী, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ জিলা প্ৰশাসনে সকিয়াই দিছে। জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে ০৩৭৭৪- ২৮৩২৮২ নম্বৰত যোগাযোগ কৰিবলৈ গোলাঘাট জিলা প্রশাসনে আহ্বান জনাইছে। উল্লেখযোগ্য যে ধনশিৰি নৈৰ বাঢ়নী পানীয়ে নুমলীগড়, খুমটাই, সৰুপথাৰ, গোলাঘাট আদি অঞ্চলৰ লগতে কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰি তুলিছে।
জিলা আয়ুক্ত পুলক মহন্তই কালি সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ইটানগৰটোপ অঞ্চলত বান পৰিস্থিতিৰ বুজ লয়। বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈ আয়ুক্তগৰাকীয়ে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান পৰিদৰ্শন কৰে। জিলাখনত আটাইকেইটা ৰাজহচক্রতে চক্র বিষয়াসকলেও আশ্রয় শিবিৰসমূহত উপস্থিত হৈ বান ক্ষতিগ্ৰস্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে জানিবলৈ দিয়ে। ইফালে, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰতো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নি পানীয়ে বুৰাই পেলাইছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ বাঢ়নি পানীয়ে কালি বিস্তীর্ণ অঞ্চল বুৰাই পেলায়। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকোলা, বাকোলাপথাৰ, আমলা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি ছপানলা গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। বিধায়ক পদ্ম হাজৰিকাই কালি বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী কেইটামান দিনত ৰাজ্যখনৰ অধিকাংশ ঠাইত বিজুলী-ঢেৰেকনিৰে মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হ’ব বুলি আগলি বতৰা দিছে। ৰাজ্য চৰকাৰে নাগৰিকসকলক অহা ২-৩ দিনলৈ সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Site Admin | September 17, 2025 11:31 AM | Assam Flood 2025
অসমত বানৰ ফলত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত
