বিধানসভা নিৰ্বাচনৰ বাবে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। ভোটাৰসকলক তেওঁলোকৰ কিবা ওজৰ-আপত্তি থাকিলে আজিৰ ভিতৰত এইসমূহ দাখিল কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে অধিসূচনাৰ জৰিয়তে আহ্বান জনাইছে। অভিযোগ নিষ্পত্তিৰ পাছতে অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’ব। উল্লেখযোগ্য যে যোৱা ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল।
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে নিৰ্বাচন আয়োগে যোৱা ১৭ নৱেম্বৰত অধিসূচনা জাৰি কৰিছিল। এই অধিসূচনাত ভোটাৰৰ নাম সংশোধন, নতুন নাম অন্তর্ভুক্তি, সমষ্টি সালসলনি প্ৰক্ৰিয়াৰ লগত জড়িত ওজৰ-আপত্তিসমূহ আজিৰ ভিতৰত দাখিল কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। নির্বাচন আয়োগে ইতিমধ্যে ৬ লাখ অভিযোগ-আপত্তি নিষ্পত্তি কৰিছে যদিও এতিয়াও ১৮ লাখতকৈও অধিক অভিযোগ নিষ্পত্তি কৰিবলৈ বাকী আছে।