ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 8:10 PM | AJYSU

printer

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন সন্দর্ভত যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ মাজত বৈঠক

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন তথা সাম্প্রতিক জনগোষ্ঠীয় কার্যপ্রণালীক পাৰস্পৰিক সহযোগিতা সন্দর্ভত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতাসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়। সভাৰ পাছত এখন সংবাদমেলত পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে বর্তমান সময়ত জাতি-জনগোষ্ঠীৰ মাজত একতা তথা ভাতৃত্ববোধৰ প্ৰতি পাৰস্পৰিক সহযোগিতা অধিক সুদৃঢ় হোৱা উচিত বুলি উল্লেখ কৰে। তেওঁলোকে লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত জাতি-জনগোষ্ঠীসমূহৰ মাজত সহযোগিতা বৃদ্ধি পোৱাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। এই সভাত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ যাতে কোনো কাৰণতে বহিৰাগত বা সন্দেহজনক নাগৰিকৰ হাতলৈ যাব নোৱাৰে এইক্ষেত্ৰত শেহতীয়াকৈ বৰপেটা আৰু বৰদোৱা সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধত তিনিটা প্রজন্ম ধৰি বসবাস কৰা লোকৰ মাজত মাটি ক্রয়-বিক্রয়ৰ যি চৰকাৰী নীতি সেয়া সমগ্ৰ ৰাজ্যতে প্রযোজ্য কৰাৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।