January 21, 2026 7:36 PM | pmg portal

printer

অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১ টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ

অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১ টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ হৈ আছে। সক্ৰিয় প্ৰশাসন আৰু সময় নির্ধাৰিত ৰূপায়ণ অর্থাৎ প্ৰগতি শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীৰ অধীনৰ পি এম জি পোৰ্টেলত এই তথ্য প্ৰকাশ কৰা হৈছে। ৰে’লৱে, পথ আৰু ঘাইপথ, শক্তি উৎপাদন আৰু বিতৰণ, তেল আৰু গেছ, স্বাস্থ্য সেৱা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনাকে ধৰি বিভিন্ন খণ্ডত এই প্রকল্পসমূহ ৰূপায়ণ কৰা হৈছে। এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সক্ৰিয় ভূমিকা লৈছে বুলি পোৰ্টেলটোত উল্লেখ কৰা হৈছে। ১১১টা প্ৰকল্পৰ ভিতৰত ৮১ হাজাৰ ৮৭১ কোটি টকা ব্যয়সাপেক্ষ ৪৬টা প্রকল্প ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু ৬৫টা ৰূপায়ণৰ কাম চলি আছে। ৰে’ল আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্যখনত ৪৫ হাজাৰ ৭৯৩ কোটি টকা ব্যয় সাপেক্ষ ১৫টা প্ৰকল্প ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। ইয়াৰে ২৬ হাজাৰ ২৫৭ কোটি টকা ব্যয়সাপেক্ষ সাতটা প্ৰকল্প ৰূপায়ণ কৰা হৈছে আৰু ১৯ হাজাৰ ৫৩৫ কোটি টকা ব্যয়সাপেক্ষ ৮টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে বুলি পোৰ্টেলটোত উল্লেখ কৰা হৈছে।