গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে অসমত আজি আৰু কাইলৈ ৰেড এলার্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই দুদিনত গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন অংশত ধুমুহা গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱণা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত এই সতর্কতা জাৰি কৰা হৈছে। মন্ত্ৰ্যালয়ে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। অৱশ্যে এই সময়ছোৱাত তাপমাত্রা ৩৭ৰ পৰা ৩৮ ডিগ্ৰী চেলছিয়াচৰ আশে পাশে থকাৰ বাবে গৰম আৰু আৰ্দ্ৰতাৰ অনুভূতি পূৰ্বৰ দৰে থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ইপিনে ৰাজ্যখনৰ বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ ১০ খনকৈ গাঁও এতিয়াও বানৰ কবলত আছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
Site Admin | June 18, 2025 12:37 PM | Assam Red Alert
অসমত আজি আৰু কাইলৈ ৰেড এলার্ট জাৰি