ডাউনলোড
মোবাইল এপ

android apple
signal

August 16, 2025 11:28 AM

printer

অসমক দেশৰ তৃতীয়খন দ্রুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ

অসমক দেশৰ তৃতীয়খন দ্রুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই চাংসাৰিত উত্তৰ-পূবৰ প্ৰথমখন এইমছ, গুৱাহাটীৰ প্ৰস্তাৱিত ৰিং ৰোড প্রকল্প, কলিয়াবৰ, নুমলীগড়ত এলিভেটেড কৰিডৰ, নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথৰ লগতে কেইবাটাও প্ৰকল্পৰ কথা তেওঁৰ ভাষণত উল্লেখ কৰে। ৰাজ্যখনত এহেজাৰ ৫০০ কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ডিচেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেল উদ্বোধন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
ইপিনে, ৰাজ্যত বিগত ৪ বছৰত ১১ হাজাৰৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ২০২১ চনৰ পৰা ১১ হাজাৰৰো অধিক নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যক পুনৰ সংস্থাপন দিয়া হৈছে। তেওঁ কয়, যে আলফা, আদিবাসী আৰু ডিমাচা উগ্ৰপন্থীৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই শান্তি চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে ৪ হাজাৰ কোটি টকাৰ আৱণ্টনত অনুমোদন জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।