December 30, 2025 10:44 AM | Indian Railway

printer

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে’ল প্ৰকল্পত ৰে’ল মন্ত্র্যালয়ে অনুমোদন

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে’ল প্ৰকল্পত ৰে’ল মন্ত্র্যালয়ে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত ৮ টা নতুন ৰে’লপথ প্ৰকল্প আৰু ৪ টা ৰে’লপথৰ দ্বৈতকৰণ প্রকল্প আছে। এই প্ৰকল্পৰ অধীনত সাতশ ৭৭ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰে ২৭৮ কিলোমিটাৰ ৰে’লপথ ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ বাবে ৪১৬৭৬ কোটি টকা আবণ্টন দিয়া হৈছে।

ইপিনে, ৰে’ল মন্ত্ৰ্যালয়ে অহা ১ জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ সংশোধিত সূচী প্ৰত্যাহাৰ কৰিছে। এই ৰে’লগাড়ীখন এতিয়াৰ দৰেই সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰাও প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰে’লৱে বোৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। উল্লেখযোগ্য যে অসম ৰে’ল যাত্রী সংস্থা আৰু বৰাক উপত্যকাৰ ভালেকেইটা সংগঠনৰ লগতে মিজোৰামৰ ভালেসংখ্যক ব্যক্তিয়ে এই জনপ্রিয় ৰে’লগাড়ীখন দিনৰ ভাগত চলাবলৈ লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাইছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।