অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মিজোৰামত ভৈৰবী-ছাইৰাং ৰে’ল প্ৰকল্প উদ্বোধন কৰাৰ পাছত ৰে’ল মন্ত্ৰীগৰাকীয়ে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে মিজোৰামলৈ ৰে’ল সংযোগে নিয়োগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ বিস্তৰ উন্নয়ন সাধন কৰাৰ সম্ভাৱনা আছে। তদুপৰি দেশৰ অন্যান্য অংশলৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত এই ৰে’লসেৱাই নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰীৰ এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল যোগাযোগ উন্নত হৈছে। ২০১৪ চনৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে’ল বাজেটত দুহেজাৰ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও এতিয়া এই ধনৰ পৰিমাণ ৫ গুণ বৃদ্ধি হৈ ১০ হাজাৰ কোটি টকা হৈছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰীয়ে কালি ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা ভৈৰবী-ছাইৰাং ৰে’লপথত তিনিখন নতুন ৰে’লৰ যাত্ৰা শুভাৰম্ভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।