ইহুদীসকলৰ উৎসৱ হানুকা উদযাপনৰ প্ৰথম দিনা কালি সন্ধিয়া অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এই গুলীচালনাক সন্ত্রাসবাদী আক্রমণ বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বন্দুকধাৰী দুজন পিতা- পুত্ৰ আছিল। গুলীচালনাৰ সময়ত আৰক্ষীৰ হাতত ৫০ বছৰীয়া পিতৃৰ মৃত্যু হয় আৰু পুত্ৰজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে জিম্মাত লয়। এই আক্ৰমণত দুজন আৰক্ষী বিষয়াকে ধৰি ৪২ জন লোক আঘাতপ্রাপ্ত হয়। ঘটনাস্থলীৰ পৰা ছটা বন্দুক আৰু দুটা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয় ৷
দেশখনৰ প্ৰধানমন্ত্রী এন্থনী আলবানীজে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰিছে। ইপিনে ইজৰাইলৰ বিদেশ মন্ত্ৰী গীডিয়ন ছাৰে এই ঘটনাটোৱে তেওঁক স্তম্ভিত কৰি তোলা বুলি উল্লেখ কৰি ইয়াক যোৱা দুটা বছৰত অষ্ট্ৰেলিয়াৰ ৰাজপথত ইহুদী বিৰোধী কাৰ্যসূচীৰ পৰিণাম বুলি উল্লেখ কৰে ।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দী তীৰত সংঘটিত সন্ত্ৰাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে আছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে কয়, যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশালতীৰ নীতি সমর্থন জনাই আহিছে আৰু সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ বিৰুদ্ধে ভাৰত সদায় থিয় দিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও এই আক্রমণক গৰিহণা দিছে।
Site Admin | December 15, 2025 11:39 AM | Australia Incident
অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি