ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হৈছে

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হোৱাৰ ফলত এইবাৰ নিম্নসদন জ্ঞান আৰু অভিজ্ঞতাৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিপ্লৱ কুমাৰ দেৱ, বাসৱ ৰাজ বুম্মাই, শিৱৰাজ সিং সৌহান, মনোহৰ লাল, এইচ ডি কুমাৰাস্বামীকে ধৰি কেইবাগৰাকীও প্রাক্তন মুখ্যমন্ত্ৰী এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে আন কেইবাগৰাকীও প্রাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা যুৱ নেতা যেনে সুপ্রিয়া ছুলে, দিপিন্দৰ সিং হুদা আৰু অনুৰাগ সিং ঠাকুৰে নিম্ন সদনৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নতুন দৃষ্টিভঙ্গীৰ উন্মেষ ঘটাব বুলি আশা কৰা হৈছে। একেদৰে ক্ৰীড়া আৰু চলিচ্চত্ৰ জগতক প্ৰতিনিধিত্ব কৰা কীৰ্তী আজাদ, ইউছুফ পাঠান, কংগনা ৰাণাৱট, হেমা মালিনী, সুৰেশ গোপী আৰু ৰাস্না বেনাৰ্জীকে ধৰি কেইবাগৰাকী সাংসদে সদনক বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।