অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ীসকলৰ নগদ ধনৰ পৰিমাণ বৰ্তমানৰ ৩ কোটিৰ পৰা ৭ কোটি টকালৈ বৃদ্ধিৰ কথা দিল্লী চৰকাৰৰ ঘোষণা

যুৱ সৱলীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দিল্লী চৰকাৰে অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ীসকলৰ বাবে নগদ ধনৰ পৰিমাণ বৰ্তমানৰ ৩ কোটিৰ পৰা ৭ কোটি টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কালি নতুন দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্রী খেল প্রোসাহন আঁচনিৰ অধীনত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই আঁচনিৰ অধীনত অলিম্পিক আৰু পেৰালিম্পিকত সোণৰ পদক বিজয়ীসকলে ৭ কোটি টকা, ৰূপৰ পদক বিজয়ীসকলে ৫ কোটি টকা আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলে ৩ কোটি টকা লাভ কৰিব। তদুপৰি অলিম্পিকত সোণ আৰু ৰূপৰ পদক বিজয়ীসকলে এ গ্রেড চৰকাৰী পদৰ বাবে যোগ্যতা অর্জন কৰিব। একেদৰে এছিয়ান আৰু পেৰা এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ীক ৩ কোটি টকা, ৰূপৰ পদক বিজয়ীক ২ কোটি আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ১ কোটি টকা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।