ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ পাছত ৰাজ্যখনত বিশ্বৰ ভালেকেইটা কোম্পানীয়ে বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে।

ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভ’ছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে জনাইছে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উপকৃত হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে।

ইতিমধ্যে এই সন্মিলনত অসমে ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ড০ শৰ্মাই কয়, যে ভাৰত-ব্ৰিটেইন আৰু ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে অসমৰ চাহে বিশ্ব বজাৰ লাভ কৰিব। অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন উদ্যোগে অনাগত দিনত অধিক প্ৰসাৰতা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, যে ভাৰতৰ ঘৰুৱা বজাৰখন শক্তিশালী হৈ আছে যদিও ইণ্ডো-ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হ’লে অসমৰ চাহে বৃহৎ অগ্রগতি লাভ কৰিব।

ইয়াৰ ফলত অসমৰ চাহে ৰপ্তানিৰ বাবে গুৰুত্বপূৰ্ণ কৰ্ডিৰ লাভ কৰিব বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ৫ বছৰত চাহ, কৃষি, নির্মাণ, খনি আৰু খনিজাত পদাৰ্থ আৰু সেৱা খণ্ডৰ ভাল প্ৰদৰ্শনৰ ফলত ৰাজ্যখনৰ বিকাশৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অধিক হৈছে। অসম মাত্ৰ এখন ৰাজ্য নহয় বৰং উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ সমষ্টি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ছেমিকণ্ডাক্টৰ খণ্ডক নতুন যুগৰ উদ্যোগ বুলি অভিহিত কৰে।
বিশ্ব অর্থনৈতিক মঞ্চৰ অধিবেশনত অংশ লোৱাৰ সুযোগতে মুখ্যমন্ত্রী ড° শৰ্মাই কালি বহুজাতিক উদ্যোগ এ বি ইনবেভৰ এগৰাকী শীর্ষ বিষয়া আন্দ্রে পেনাটেৰ সৈতে আলোচনাত মিলিত হয়।

প্রতিষ্ঠানটোৱে অসমত তেওঁলোকৰ উৎপাদন সম্প্ৰসাৰণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। তেওঁ লগতে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত থকা লুলু গ্ৰুপৰ অধ্যক্ষ ইউছুফ আলীৰ সৈতে এখন বৈঠকত অসমৰ কৃষি প্ৰসংস্কৰণ, আতিথ্য, খুচুৰা ব্যৱসায় আদি খণ্ডত বিনিয়োগৰ সম্ভাৱনীয়তা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে বৰাহ গোটৰ মুখ্য পৰিচালন বিষয়া ইকাৰাজ জানজেনৰ সৈতে বিশেষ বৈঠকত মিলিত হয়।

বৈঠকত কার্বন ডাই অক্সাইড নিষ্কাষণৰ সৈতে কাম কৰি থকা সংস্থাটোৰ বিশেষ পদ্ধতি অসমৰ কৃষক সমাজক উপকৃত কৰিব পৰাকৈ প্ৰয়োগ কৰাৰ বিষয় লৈ আলোচনা কৰা হয়৷