● গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। পুৱাৰে পৰা সাধু-সন্ন্যাসী আৰু ভালে সংখ্যক লোকৰ শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়াৰোপৰি দুদিন পূৰ্বে কামাখ্যা ধামত উপস্থিত হোৱা দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিবস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পর্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হৈ অম্বুবাচী মহাযোগলৈ অহা বিভিন্ন ঠাইৰ ভক্তসকলক অসমবাসীৰ হৈ আদৰণি জনায়। উল্লেখযোগ্য ৰাজ্য চৰকাৰে পর্যটন বিভাগে প্রণাম নামেৰে কামাখ্যা বে’ল ষ্টেচন, পাণ্ডু বন্দৰ, ভূতনাথ, নামনি কামাখ্যা আৰু আদাবাৰীত পাঁচটা আদৰণি কক্ষ স্থাপন কৰি ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে মন্দিৰৰ চৌহদত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে। বাহিৰৰ পৰা অহা ভক্তসকলৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা বে’ল ষ্টেচনত দুটা শিবিৰ স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাবি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। ২৬ জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱীস্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ’ব।
Site Admin | June 24, 2025 12:26 PM | Akashvani Guwahati | Ambubachi Mela | kamakhya ambubachi 2025 | kamakhya temple
অম্বুবাচী মহাযোগৰ তৃতীয় দিনাও উখল-মাখল পৰিৱেশ
