ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব। ১৪ দিনৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ অন্ত পৰাৰ পাছত দুয়োজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে, যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচজনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৯জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয়াৰে ৰমিজ আলী আৰু অহেলা মিঞা নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী সা-সম্পত্তি নষ্ট কৰা কিছুসংখ্যক লোকৰ বিৰুদ্ধেও ভিডিঅ’ ফুটেজ চাই আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বাক্সা জিলা কাৰাগাৰত কালি সন্ধিয়া ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু বিটিএডিৰ উপ-আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিঙৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আইন শৃংখলা শাখাৰ মহিপৰিদৰ্শক অখিলেশ সিঙো উপস্থিত থাকে।
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীয়ে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু এছ আই টিৰ মুৰববী মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষী দলৰ সৈতে বৈঠকত মিলিত হ’ব।