ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 1, 2024 7:25 PM | Abhiruchi sports day

printer

অভিৰুচী ক্রীড়া দিৱস উপলক্ষে শিৱসাগৰত উজনি অসম-ভিত্তিক সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

ৰাজ্যত অহা ৩ ছেপ্তেম্বৰত হ’বলগীয়া অভিৰুচী ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰত ৰংপুৰ জল ক্রীড়া সন্থাই উজনি অসম-ভিত্তিক এখন সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাত নামৰূপ, তিনিচুকীয়া, দুলীয়াজান, মৰাণ, সাপেখাটী, সোণাৰি, শিৱসাগৰকে ধৰি উজনি অসমৰ ১০টা সাঁতোৰ সন্থাৰ সৰ্বমুঠ ১৯২গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দুগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু কেইবাগৰাকীও প্রাক্তন খেলুৱৈ তথা ক্রীড়া সংগঠকক সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে অর্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰাৰ জন্মদিনটো যোৱা ১৫ বছৰ ধৰি অভিৰুচী ক্রীড়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।