ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অভিনেত্রী, আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ দেহাৱসান

■ প্রবীণ বর্ষীয়ান অভিনেত্রী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ যোৱানিশা শ্বিলঙত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। শ্বিলঙৰ বাসিন্দা জ্ঞানদা কাকতি দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৪৮ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতিয়ে অসমীয়াৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত পিয়লি ফুকন, পূৱেৰুণ, সৰাপাত, লখিমী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্রিয়জন, ৰাগ-বিৰাগ আদি অন্যতম। ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ৰাগবিৰাগ তেওঁ অভিনয় কৰা অন্তিমখন ছবি আছিল। জ্ঞানদা কাকতিয়ে প্রভাত মুখাৰ্জীৰ দ্বাৰা নিৰ্মিত পূৱেৰুণ ছবিৰ বাবে বার্লিন চলচ্চিত্ৰ মহোত্ৰসত দেশক প্রতিনিধিত্ব কৰিছিল।২০০২ চনত শিল্পীগৰাকীয়ে কলাগুৰু বিষ্ণুৰাভা বঁটা লাভ কৰিছিল। অনাতাঁৰ কেন্দ্ৰৰ গায়িকা ৰূপে প্রতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুখনমান গ্রামোফোন ৰেকৰ্ডতো কণ্ঠদান কৰিছিল।বহুমুখী প্ৰতিভাসম্পন্ন এইগৰাকী শিল্পী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জন্মলগ্নৰে পৰাই কেন্দ্ৰটোৰ সৈতে জড়িত আছিল। জ্ঞানদা কাকতিয়ে ১৯৪৮ চনৰ পহিলা জুলাইত তেতিয়াৰ আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰৰ শ্বিলং ষ্টুডিঅ’ৰ পৰা অসমীয়াত প্ৰথম ঘোষণা কৰিছিল।