ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে নেছ’ৰ আহ্বানত প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা অর্থাৎ নেছ’ৰ আহ্বানত আজি ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নেছ’ৰ আহ্বান মৰ্মে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিবাদকাৰী সদস্যসকলে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা, অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ, শুদ্ধ এন আৰ চি, অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও দাবী তোলে। নেছ’ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ ভাষা-সংস্কৃতি, অর্থনীতিত পেলোৱা নেতিবাচক প্রভাবৰ বিষয়ে উল্লেখ কৰাৰ লগতে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি মন্তব্য কৰে।