July 2, 2025 1:40 PM

printer

অবৈধভাৱে চলি থকা গো-হত্যাৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ পদক্ষেপ গ্ৰহণ

● ৰাজ্যত অবৈধভাৱে চলি থকা গো-হত্যাৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি কালি আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ গো-মাংস ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুজ্ঞাপত্ৰ বিহীনভাৱে গো-মাংস বিক্ৰী কৰা থকা ১৮৯ খন কচাইখানা আৰু হোটেলত অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে ১,৫১২ কিলোগ্ৰামতকৈ অধিক গো-মাংস জব্দ কৰাৰ লগতে ১৭৬ জন মাংস ব্যৱসায়ীক আটক কৰিছে।

কামৰূপ মহানগৰ আৰক্ষীয়ে কালি জিলাখনৰ ছয়মাইল, সাতগাঁও, হাতীগাঁৱৰ কেইবাটাও স্থানত অভিযান চলাই নিষিদ্ধ গো-মাংস জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিছে। জালুকবাৰী আৰক্ষীয়েও ভৰলুমুখ আৰু আদাবাৰীত অভিযান চলাই যথেষ্ট পৰিমাণৰ গো-মাংস জব্দ কৰি ইয়াৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰে। একেদৰে কামৰূপ আৰক্ষীয়ে বকো, ছয়গাওঁ, ৰঙিয়াৰ ১৭ খন হোটেলত অভিযান চলাই বুজন পৰিমাণৰ গো-মাংস জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ১৭ জন লোকক আটক কৰে।
বৰপেটা আৰক্ষীয়েও জিলাখনৰ ৪ খন হোটেলত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ গো-মাংস জব্দ কৰে। আইন উলংঘা কৰি গো-মাংস বিক্ৰী চলাই থকা এই চাৰিওখন হোটেলৰ পৰা আইন ভংগৰ অভিযোগত বৰপেটা আৰক্ষীয়ে চাৰিজন লোকক আটক কৰে। হোটেল কেইখনৰ বিৰুদ্ধে অসম পশুধন সংৰক্ষণ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।
শিৱসাগৰত কালি দুখন হোটেলত শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে অভিযান চলাই বুজন পৰিমাণৰ গো-মাংস জব্দ কৰে। হোটেল দুখনৰ স্বত্বাধিকাৰী দুজনক আৰক্ষীয়ে সোধা- পোচাৰ বাবে আটক কৰিছে।
তদুপৰি কোকৰাঝাৰ, লখিমপুৰ আৰু ডিব্ৰুগড়ত জিলাতো কালি আৰক্ষী প্ৰশাসনে গো-মাংস বিৰোধী অভিযান চলায়।