ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 22, 2025 12:22 PM | operation sindhu

printer

অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে ১,১১৭ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ

অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে ১,১১৭ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ কৰা হৈছে। বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালি নিশা ইৰানৰ পৰা এখন বিশেষ বিমানযোগে ২৯০ গৰাকী ভাৰতীয়ক নতুন দিল্লীলৈ অনা হয়। কালি সন্ধিয়া ৩১০ গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই অনা আন এখন বিমান ইৰানৰ পৰা নতুন দিল্লীত উপস্থিত হয়। নেপাল আৰু শ্ৰীলংকাই সংঘৰ্ষ জৰ্জৰ ইৰানৰ পৰা অপাৰেচন সিন্ধু অধীনত লোকসকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ভাৰতক কৃতজ্ঞতা জ্ঞাপন কৰিছে। নেপালৰ বৈদেশিক মন্ত্ৰী আৰ্দ্ৰ ৰানা দেউবাই কেইবাগৰাকীও নেপালী শিক্ষাৰ্থীক ইৰানৰ পৰা সুৰক্ষিতভাৱে উভতাই অনাৰ বাবে বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰক ধন্যবাদ জ্ঞাপন কৰিছে।