■ অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ থকাৰ লগতে প্ৰয়োজন অনুসৰি এইবোৰ ব্যৱহাৰ কৰিব পৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ভি. নাৰায়ননে আজি এই কথা প্ৰকাশ কৰে।
নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি নাৰায়ণননে – ইছৰোৱে ভাৰতৰ প্ৰযুক্তিৰ দিশসমূহক কেনেদৰে শক্তিশালী কৰিছে, স্থানীয়কৰণ আৰু প্ৰযুক্তি হস্তান্তৰ বৃদ্ধি কৰিছে আৰু ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহাকাশ খণ্ডৰ নেতৃত্বৰ স্থান দিবলৈ মহাকাশ উদ্যোগীকৰণক আগুৱাই লৈ গৈছে সেই বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ দি সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ভাৰতৰ সশস্ত্র বাহিনীয়ে কেনেদৰে থলুৱা প্ৰতিৰক্ষা উৎপাদন, ৰপ্তানি, আৰু উদ্ভাৱনৰ জৰিয়তে বিকাশৰ সূচনা কৰি আহিছে, একে সময়তে নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে – সেই বিষয়ে ব্যাখ্যা কৰে। সেনা প্রধানগৰাকীয়ে কয়, যে গ’লপোষ্ট সলনি হৈ থাকিব, কাৰণ প্ৰতিদ্বন্দ্বীয়েও নিজৰ প্ৰযুক্তি বৃদ্ধি কৰি আছে। দেশৰ প্ৰযুক্তিগত স্তৰটো বিৰোধীৰ প্ৰযুক্তিগত প্ৰভাৱক প্ৰতিহত কৰিব পৰাকৈ সততে প্ৰস্তুত হৈ থকাটো সম্পূৰ্ণৰূপে নিশ্চিত কৰিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে।
Site Admin | September 9, 2025 2:59 PM | Akashvani | Akashvani News | ISRO
অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ আছিল
