ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ স্পষ্ট বার্তা দিয়া বুলি বিজেপিৰ প্ৰকাশ

বিজেপিয়ে আজি কয়, যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ এটা স্পষ্ট বার্তা দিলে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত দলটোৰ মুখপাত্র সম্বিত পাত্রই কয়, যে পাকিস্তান আৰু দেশখনে চলাই থকা সন্ত্রাসবাদক বিশ্বৰ সন্মুখত উন্মোচন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে ২০ খন দেশৰ নেতৃবৰ্গৰ সৈতে কথা পাতে। চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি বহুকেইখন ইছলামিক দেশে এইক্ষেত্ৰত ভাৰতৰ প্ৰতি সমর্থন ব্যক্ত কৰে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে। তেওঁ কয়, যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ গৰাকী লোকৰ হত্যাৰ ভাৰতে প্ৰতিশোধ ল’ব বুলি প্ৰতিশ্ৰুতি দিছিল। অপাৰেচন সিন্দূৰ সফল কৰি তোলাৰ ক্ষেত্ৰত ভাৰতীয় সেনাবাহিনীয়ে অদমনীয় বীৰত্বৰ পৰিচয় দিয়া বুলি প্ৰকাশ কৰি শ্ৰীপাত্ৰই কয়, যে এইক্ষেত্ৰত ভাৰতীয় স্থলসেনা, বায়ুসেনা আৰু নৌসেনাক দেশৰ প্ৰতিগৰাকী নাগৰিকে কৃতজ্ঞতা জনাইছে। ভাৰতে অপাৰেচন সিন্দুৰ অভিযানত পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ৯টা ঘাটি ধ্বংস কৰে বুলিও বিজেপি নেতাগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁ কয়, যে প্ৰথমবাৰৰ বাবে ভাৰতে পাকিস্তানৰ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত পঞ্জাব প্রদেশত আক্রমণ চলাই সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ শিবিৰসমূহ ধ্বংস কৰে। এই সেনা অভিযানে তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰা বুলি উল্লেখ কৰি শ্ৰীপাত্ৰই কয়, যে ভাৰতীয় সেনাই লস্কৰ-ই-তৈবা, জইচ- ই-মহম্মদ আৰু হিজবুল মুজাহিদিনৰ দৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি ধ্বংস কৰিবলৈ সমৰ্থ হয়। অপাৰেচন সিন্দুৰ সামৰিক আৰু অসামৰিক দুয়োটা পর্যায়তে চলা বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীপাত্ৰই কয়, যে অসামৰিক কৌশলৰ অংশ হিচাপে ১৯৬০ চনত সম্পাদিত সিন্ধু জলচুক্তি ভাৰতে বাতিল কৰে। তেওঁ কয়, যে এই চুক্তি বাতিলৰ ফলত পাকিস্তান ব্যাপক লোকচানৰ সন্মুখীন হ’ব, কাৰণ এই উৎসৰ পৰাই দেশখনৰ ৮০ শতাংশ কৃষিভূমি উপকৃত হৈ আহিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।