June 24, 2025 7:05 PM | operation sindur

printer

অপাৰেচন সিন্দূৰে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰতীয় নাগৰিকক অনিষ্ট কৰা লোকসকলৰ বাবে কোনো স্থানেই নিৰাপদ নহয় বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰী মোদীয়ে লগতে কয়, দেশৰ প্ৰতিৰক্ষা সিদ্ধান্তসমূহ এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে প্ৰয়োজনীয় বিষয়ৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়। নতুন দিল্লীত আজি ভাৰতৰ দুগৰাকী মহান নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক কথোপকথনৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে এইদৰে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ আমদানিৰ ক্ষেত্ৰত থকা ভাৰতৰ নিৰ্ভৰশীলতা ক্রমান্বয়ে হ্ৰাস পাইছে বুলি উল্লেখ কৰি কয়, যে প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাইছে।

শ্ৰীনাৰায়ণ গুৰুৰ আদৰ্শ সমগ্ৰ মানৱতাৰ বাবে এটা মহান সম্পদ বুলি উল্লেখ কৰি দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়োৱাত নিয়োজিত লোকসকলৰ বাবে সমাজ সংস্কাৰকগৰাকী আদর্শস্বৰূপ বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।