ডাউনলোড
মোবাইল এপ

android apple
signal

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক বিদেশ সচিব বিক্রম মিশ্ৰীৰ প্ৰয়োজনীয় বিভিন্ন বিষয় অৱগত

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে আজি অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক প্ৰয়োজনীয় বিভিন্ন বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে চৰকাৰে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি সম্পৰ্কে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰোৱাৰ উদ্দেশ্যে ৭টা বহুদলীয় প্রতিনিধি মণ্ডল কেবাখনো বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। ৫৯ জন সাংসদেৰে গঠিত এই প্রতিনিধি দলটোৱে কাইলৈৰে পৰা অহা ৫ জুনলৈকে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহকে ধৰি মূল সহযোগী দেশসমূহ ভ্ৰমণ কৰিব। এই প্রতিনিধি দলসমূহক কংগ্ৰেছ সাংসদ শশী থাকৰ, বিজেপিৰ ৰবিশংকৰ প্ৰসাদ, বৈজয়ন্ত পাণ্ডা, জে ডি ইউৰ সঞ্জয় কুমাৰ ঝা, ডি এম কেৰ নেতা কানিমুঝি কৰুণানিধি, এন চি পি এছ পিৰ সুপ্রিয়া সুলে আৰু শিৱসেনাৰ শ্ৰীকান্ত সিন্দেই নেতৃত্ব দিব। এই দলসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদী আৰৱ, বাহৰেইন, কুৱেইট, আলজেৰিয়া, ব্ৰিটেইন, ফ্রান্স, জার্মানী, ইটালী, ডেনমার্ক, গায়েনা, ব্রাজিল, দক্ষিণ কোৰিয়া, জাপানকে ধৰি মুঠ ৩২ খন দেশ ভ্রমণ কৰিব। এই ১০ দিনীয়া ভ্ৰমণকালত ভাৰতৰ প্ৰতিনিধিসকলে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সমগ্র দেশৰ সহমতৰ বিষয়ে বিশ্বক অৱগত কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ক ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শক্তিশালী বার্তাও প্ৰেৰণ কৰিব।

অধিক পঢ়ক

সকলো চাওক