ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই আজি সন্ধিয়া এখন সংবাদমেল যোগে অৱগত কৰে। সংবাদ মেলত স্থল সেনা বাহিনীৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান ডি জি এম অ’ লেফটেনেণ্ট জেনেৰল ৰাজীৱ ঘাই, বায়ুসেনা বাহিনীৰ ডি জি এম অ’ এয়াৰ মার্শাল এ কে ভাৰ্টি আৰু নৌসেনা বাহিনীৰ ডি জি এম অ’ ভাইচ এডমিৰেল প্ৰমোদে অংশগ্ৰহণ কৰে।

স্থলসেনা বাহিনীৰ ডি জি এম অ গৰাকীয়ে কয় যে পেহেলগামত ২৬জন নিৰীহ লোকক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে এই সন্ত্ৰাসবাদবিৰোধী অভিযান চলোৱা হৈছিল আৰু ইয়াৰ দ্বাৰা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰি ধ্বংস কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা আন্তঃগাঁথনি নষ্ট কৰাৰো চেষ্টা চলোৱা হৈছিল। ইয়াৰ বাবে পাকিস্তান অধীকৃত জম্মু-কাশ্মীৰ আৰু পাকিস্তানত ৯টা এনে ঘাটি চিনাক্ত কৰি অভিযান চলোৱা হৈছিল। এই অভিযানত তিনিজন দুর্দ্ধর্ষ সন্ত্ৰাসবাদী ইউচুফ আজহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদৰ লগতে মুঠ ১০০জন সন্ত্রাসবাদী নিহত হোৱা বুলি তেওঁ প্ৰকাশ কৰে। এই সন্ত্ৰাসবাদীকেইজন পুলৱামা বিস্ফোৰণ আৰু বিমান অপহৰণৰ ঘটনাৰ সৈতেও জড়িত আছিল। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য সহনশীলতাৰ নীতিৰ অধীনত কেৱল সন্ত্রাসবাদক লক্ষ্য কৰিহে এই অভিযান চলোৱা হৈছে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।

বায়ুসেনা বাহিনীৰ ডি জি এম অ’ এ কে ভাৰ্টিয়ে বায়ুসেনাই অভিযানত আঘাত হনা স্থানসমূহৰ নক্সাচিত্ৰ প্ৰদৰ্শন কৰে। এই অভিযানত সন্ত্ৰাসবাদীৰ কেইবাটাও প্ৰশিক্ষণ শিবিৰ ধ্বংস কৰা হৈছে বুলিও তেওঁ বিস্তৃত তথ্য সহকাৰে প্ৰকাশ কৰে। পাকিস্তানে ভাৰতৰ জনবসতিপূর্ণ অঞ্চল আৰু সামৰিক ঘাটিলৈ লক্ষ্য কৰি ৮ মেত অপ্ৰৰোচিতভাৱে গোলাবর্ষণ আৰু ড্ৰোণেৰে কৰা আক্রমণ সশস্ত্র বাহিনীয়ে প্ৰতিহত কৰে বুলি তেওঁ সদৰি কৰে। তেওঁ কয় যে ভাৰতীয় সশস্ত্র বাহিনীয়ে বছা বছা সন্ত্রাসবাদী ঘাটিসমূহকহে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। তদুপৰি পাকিস্তানৰ অপ্ৰৰোচিত আক্রমণ প্রতিহত কৰাৰ বাবে তেওঁলোকৰ বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাতো আঘাত হনা হৈছিল বুলি তেওঁ কয়। অৱশ্যে অসামৰিক বিমানক কোনো কাৰণতে আক্ৰমণ কৰা হোৱা নাছিল বুলিও তেওঁ জানিবলৈ দিয়ে। নৌ সেনা বাহিনীৰ ডি জি এম অ’ প্রমোদে সংবাদ মেলত কয় যে, ভাৰতে দায়িত্বশীল, যথোচিত আৰু বিবেচকভাৱে পাকিস্তানৰ আক্ৰমণ আৰু অভিসন্ধিৰ প্ৰত্যুত্তৰ দিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।