ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 25, 2025 11:32 AM | Mann Ki Baat

printer

‘অপাৰেচন সিন্দুৰ’ কেৱল মাত্র এক সেনা অভিযানেই নাছিল, ই আছিল পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সম্প্ৰতি সমগ্ৰ দেশেই সন্ত্রাসবাদৰ বিৰুদ্ধে একগোট হৈ থিয় দিছে, আৰু  সকলোৰে অন্তৰ ক্ষোভ আৰু আক্রোশেৰে ভৰি পৰিছে।পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সকলো ভাৰতীয়ই সন্ত্রাসবাদক মষিমূৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে  ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত আমাৰ সেনাই দেখুওৱা পৰাক্ৰমে প্ৰতিগৰাকী ভাৰতীয়ৰ শিৰ উচ্চ কৰি তুলিলে। যি নিখুঁটভাৱে, নির্ভুল সঠিকভাবে আমাৰ সেনাই সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঠিকনাত আঘাত হানি সেইসমূহ ধ্বংস কৰিলে সেয়া আশ্চৰ্যকৰ। ‘অপাৰেচন সিন্দুৰ’ ও সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ যুঁজখনক এক নতুন বিশ্বাস আৰু উৎসাহৰ যোগান ধৰিছে। , ‘অপাৰেচন সিন্দুৰ’ কেৱল মাত্র এক সেনা অভিযানেই নাছিল, ই আছিল পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবি, যি প্রতিচ্ছবিয়ে প্রতিগৰাকী ভাৰতীয়ৰ অন্তৰ দেশপ্ৰেমেৰে পূৰ্ণ কৰি তুলি আমাৰ ত্ৰিৰংগাক অধিক ৰঙীন কৰি তুলিলে। দেশৰ প্ৰায়বোৰ চহৰ, গাঁও আৰু চুবুৰীয়ে চুবুৰীয়ে ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। হাতত ত্ৰিৰংগা পতাকা লৈ হাজাৰ-বিজাৰ লোক দেশৰ সেনাক বন্দনা তথা অভিনন্দন জনাবলৈ ওলাই আহিল। বহুবোৰ চহৰত অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হ’বলৈ বহুতো যুৱক ওলাই আহিল। এই ক্ষেত্ৰত চণ্ডীগড়ৰ এটা ভিডিও বেচ ভাইৰেল হৈও পৰিল। সামাজিক মাধ্যমত কবিতা লিখা হ’ল, সংকল্প গীত লিখা হ’ল। সৰু সৰু শিশুহঁতে অৰ্থৱহ চিত্র অংকন কৰিলে।

আমাৰ সেনাই সন্ত্ৰাসবাদৰ ঘাটিসমূহ ধ্বংস কৰিলে সেয়া আছিল তেওঁলোকৰ অদম্য সাহসৰ নিদৰ্শন। ইয়াৰ মাজত আৰু এটা কথা নিহিত হৈ আছিল। সেইটো হ’ল, ভাৰতত নির্মিত অস্ত্র-শস্ত্র, সঁজুলি আৰু প্ৰযুক্তিৰ প্ৰয়োগ তথা শক্তি, লগতে আছিল আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প। আমাৰ অভিযন্তা, আমাৰ প্ৰযুক্তিবিদসকলৰ শ্ৰম আৰু ঘাম এই বিজয়ত সংপৃক্ত হৈ আছে। এই অভিযানৰ পাছত সমগ্ৰ দেশতে ভোকেল ফৰ লোকেল কথাশাৰীয়ে এক নতুন গতি লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।