অপাৰেচন সিন্দুৰৰ সফলতা উদযাপন কৰি বিজেপিয়ে আয়োজন কৰা ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙৰ নেতৃত্বত জিলা সদৰ হামৰেন ছয়আলিৰ পৰা নতুন বজাৰলৈ ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। কাৰ্বি পৰিষদৰ কার্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰোৰ নেতৃত্বত ভকচঙত বিশাল ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়।
ডিব্ৰুগড় জিলাত আজি প্রবল বৰষুণকো নেওচি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত সহস্রাধিক লোকে ত্ৰিৰংগ যাত্ৰাত ভাগ লয়। চৌকিদিঙি খেলপথাৰৰ পৰা উলিওৱা এই যাত্ৰাৰ আৰম্ভণিতে শ্ৰী সোণোৱালে সেনা বাহিনীৰ পৰাক্ৰম আৰু শৌৰ্যৰ প্ৰতি সন্মান জনাই দেশজুৰি ত্ৰিৰংগ যাত্ৰা ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে। এই বিজয়ৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ সৱল নেতৃত্ব আৰু সেনা বাহিনীৰ বীৰত্বৰ শলাগ লয়। এই যাত্ৰাত মন্ত্ৰী বিমল বৰা, লাহুৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰকে ধৰি দলৰ কৰ্মকৰ্তাসকলে অংশগ্রহণ কৰে। জিলাখনৰ চাবুৱাৰ বিন্ধাকতাতো আজি ত্ৰিৰংগ যাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক গীত আৰু ধবনিৰে দেশমাতৃৰ বন্দনা
কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাতশিঙিমাৰীত উলিওৱা ত্ৰিৰংগ যাত্ৰাত জিলা বিজেপিৰ সভাপতি ৰঞ্জীত কুমাৰ সাহাকে ধৰি অন্যান্য কাৰ্যকৰ্তাসকলে ভাগ লয়।
Site Admin | May 16, 2025 8:44 PM | Tiranga Yatra
অপাৰেচন সিন্দুৰৰ সফলতা উপলক্ষে বিজেপিৰ ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচীৰ আয়োজন
