ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 11, 2025 7:05 PM | Air Fore

printer

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় বায়ুসেনা বাহিনীক দিয়া দায়িত্ব অত্যন্ত নিষ্ঠা সহকাৰে পালন কৰিছে বুলি প্ৰকাশ

ভাৰতীয় বায়ুসেনা বাহিনীয়ে কৈছে যে অপাৰেচন সিন্দুৰৰ অধীনত বাহিনীক দিয়া দায়িত্ব অত্যন্ত নিষ্ঠা সহকাৰে পালন কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বাহিনীয়ে কয় যে ৰাষ্ট্ৰীয় নীতি অনুসৰি নিৰ্দিষ্ট পদ্ধতিৰে অভিযান চলোৱা হৈছিল। অপাৰেচন সিন্দুৰৰ অধীনত অভিযান অব্যাহত আছে বুলি উল্লেখ কৰি বাহিনীয়ে বাৰ্তাটোত কয় যে সমস্ত অভিযানৰ বিস্তাৰিত ব্যাখ্যা শীঘ্ৰেই দিয়া হ’ব। যিকোনো ভুৱা আৰু অপৰিক্ষীত তথ্যৰ পৰা আঁতৰি থাকিবলৈ বাহিনীয়ে সকলোকে আহ্বান জনায়।