ৰাজ্যখনৰ অন্যতম ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ’ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হ’ব । ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্রযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন দুটা বঁটা প্ৰদান কৰা হ’ব। কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক ছৈয়দ ছাদুল্লা সোঁৱৰণী বঁটা আৰু সুৰকাৰ- গীতিকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব। বিশ্বনাথৰ শৰৎ দুৱৰা, ধেমাজিৰ মাছখোৱাৰ অজিত দিহিঙ্গীয়া আৰু যোৰহাটৰ জাঁজীৰ দিনেশ শৰ্মাক অনুৰাগী শ্রোতা বন্ধু বঁটা প্ৰদান কৰা হ’ব। কাইলৈ ধেমাজিৰ মাছখোৱাৰ জোৰকটা সমন্বয় সংঘৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।
Site Admin | January 19, 2026 7:21 PM | Akashvani | Akashvani Guwahati | Akashvani News | Radio News
অন্যতম ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা কৰিব