অন্ধ্ৰ প্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱায় আৰু ৫ জন লোক আহত হয়। গুন্টুৰ জিলাত এখন ব্যক্তিগত বাছে এখন চাৰিচকীয়া বাহনত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত তিনিজন লোক নিহত হয় আৰু তিনিজন লোক আহত হয়। ৰাজ্যখনৰ নানদয়াল জিলাত এটা পথ দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱায়। এখন দ্রুতবেগী বাহনে পথ বিভাজকত খুন্দিয়াই বিপৰীত দিশৰ পৰা আহি থকা এখন বাছৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো ঘটে।
Site Admin | December 26, 2025 6:42 PM | Accident | Akashvani | Akashvani News | Road Accident
অন্ধ্ৰ প্ৰদেশত আজি পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫ জন লোক আহত