অন্ধ্ৰপ্ৰদেশৰ বাপাট্‌লা জিলাৰ বাল্লিকুৰাভাৰ গ্ৰেনাইট কুৱেৰীত সংঘটিত দুৰ্ঘটনাত ছজন শ্রমিকৰ মৃত্যু

অন্ধ্ৰপ্ৰদেশৰ বাপাট্‌লা জিলাৰ বাল্লিকুৰাভা অঞ্চলৰ এটা গ্ৰেনাইট কুৱেৰীত আজি সংঘটিত এটা দুৰ্ঘটনাত ছজন শ্রমিক মৃত্যু হোৱাৰ লগতে আন তিনিজন আহত হয়। জানিব পৰা মতে শ্ৰমিকসকলে খনন কাৰ্য চলাই থকাৰ সময়তে তেওঁলোকৰ ওপৰত এটা বৃহৎ গ্রেনাইট শিল বাগৰি পৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়। আহতসকলক নাৰাচৰাওপেটত থকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনাটোৰ সময়ত কুৱেৰীটোত ১৬ জন শ্রমিক আছিল। ভুক্তভোগী আটাইকেইজন শ্রমিকেই ওড়িশাৰ বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৱে এই দুৰ্ঘটনাত শোক প্রকাশ কৰিছে আৰু তাৎক্ষণিক উদ্ধাৰ অভিযান তথা আহতসকলৰ চিকিৎসা কৰাৰ নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।