প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ কুৰ্মুলত প্ৰায় ১৩ হাজাৰ ৪৩০ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ভালেমান উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিছে। শ্রীমোদী আজি পুৱা অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈ উদ্যোগ, শক্তি, পথ, ৰে’লৱে, প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ, পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ আদি খণ্ডৰ বিভিন্ন প্রকল্প উদ্বোধন কৰে। এই প্রকল্পসমূহে ৰাজ্যখনৰ ঔদ্যোগিকীকৰণক ত্বৰান্বিত কৰি সৰ্বাত্মক আৰ্থ- সামাজিক বিকাশৰ জৰিয়তে আঞ্চলিক আন্তঃগাঁথনি উন্নত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শ্ৰীমোদীয়ে সমবেত জনসাধাৰণকো সম্বোধন কৰি ভাৰতৰ শক্তি আৰু বিদ্যুৎ ক্ষেত্ৰত খৰতকীয়াভাৱে হোৱা উন্নতিৰ বিষয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে শক্তি খণ্ডই বর্তমান সময়ত ভাৰতৰ প্ৰতিখন গাঁও চুবলৈ সক্ষম হৈছে আৰু জনমূৰি বিদ্যুৎ ব্যৱহাৰে বৰ্তমান এহেজাৰ ৪০০ ইউনিটলৈ বৃদ্ধি পাইছে। এই হাৰে বৰ্তমান শক্তিখণ্ডৰ ক্ষেত্ৰখনত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁ লগতে ৰায়েলছিমা আৰু বৃহৎ পৰিসৰৰ অন্ধ্র অঞ্চলে দেশৰ সৰ্বাঙ্গীন উন্নতিৰ দিশত সংকট হিচাপে দেখা দিছে। তেওঁ লগতে নতুন সামগ্ৰী আৰু সেৱা কৰৰ জৰিয়তে ৮ হাজাৰ কোটি টকাৰ সঞ্চয়েৰে বিত্তীয় দিশৰ উন্নতিৰ বিষয়ো উল্লেখ কৰে। তেওঁ লগতে এই সঞ্চয়ে বর্তমানৰ উৎসৱৰ পৰিবেশ আৰু সঞ্চয় আৰু সেৱা কৰৰ ভাৰত উৎসৱ সজাগতা তথা অংশীদাৰিত্বৰে পালন কৰাৰ ক্ষেত্ৰত ভাৰতৰ নাগৰিকসকলক উৎসাহিত কৰিব বুলিও জানিবলৈ দিয়ে। অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নজিৰ, মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণো উপস্থিত থাকে।
Site Admin | October 16, 2025 7:44 PM | PM on Andhra Pradesh
অন্ধ্ৰপ্ৰদেশৰ কুৰ্মুলত নিৰ্মাণ কৰা উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ