ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত কেইবাগৰাকী যাত্ৰী থিতাতে নিহত

অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত আজি পুৱাৰ ভাগত এখন ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত বাছখন সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী থিতাতে নিহত হয়। দুৰ্ঘটনাৰ সময়ত বাছখনে কেইবাগৰাকীও যাত্রী কঢ়িয়াই হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে গৈ আছিল। প্রায় ৪০ গৰাকী যাত্ৰী থকা বাছখনৰ পৰা ১৫ গৰাকী লোকক উদ্ধাৰ কৰি হস্পিতালত ভৰ্তি কৰোৱা হয়। এই ঘটনাত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱনাথ ৰেড্ডীয়ে আশ্বৰ্য্য প্ৰকাশ কৰাৰ লগতে নিহত যাত্ৰীসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক তাৎক্ষনিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাৰ অৰ্থে তেওঁ বিষয়াসকলক অন্ধ্রপ্রদেশ কর্তৃপক্ষ আৰু জনসাধাৰণৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে মৃত্যু হোৱাৰ লোকসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে ক্ষতিপূৰ্ণ দিয়াৰ ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয় কয়, যে এই ঘটনাত নিহত লোকসকলৰ বাবে চৰকাৰে দুই লাখ টকাৰ পুঁজি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হব বুলি ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।