November 18, 2025 8:24 PM | AndhraPradesh

printer

অন্ধ্রপ্রদেশৰ মাৰেডুমিল্লিতত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু

অন্ধ্রপ্রদেশৰ আপ্লুৰী সীতাৰামা ৰাজু জিলাৰ মাৰেডুমিল্লি অঞ্চলত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘর্ষত এজন শীর্ষ নেতাসহ ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু হয়। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান হৰিশ কুমাৰ গুপ্তাই কয়, যে মাওবাদী দলটোৰ আন্দোলন সম্পর্কে বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পাছত এই মুখামুখি সংঘর্ষ সংঘটিত হৈছিল। মাওবাদী বিৰোধী অভিযানৰ সময়ত কোনো নিৰাপত্তাৰক্ষী আহত হোৱা নাই বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে। আৰক্ষী মহা পৰিদৰ্শক সুন্দৰ ৰাজ পিয়ে মাওবাদী নেতাগৰাকীৰ মৃত্যু মাওবাদী বিৰোধী প্রচেষ্টাৰ এটা লেখতলবলগীয়া ঘটনা বুলি অভিহিত কৰে। মুখামুখি সংঘর্ষ সংঘটিত স্থানৰ পৰা এটা এ কে-৪৭ৰাইফল, অন্যান্য বিস্ফোৰককে ধৰি অস্ত্র-শস্ত্র উদ্ধাৰ কৰা হৈছে। মাৰেডুমিল্লি, বিজয়বাড়া, এন টি আৰ আৰু কাকিনাদা জিলাত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজয়ৱাড়াত চলি থকা মাওবাদী বিৰোধী অভিযানৰ বাবে মহিলাসহ ২৭ জন সন্দেহযুক্ত মাওবাদীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তোলা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ২০২৬ চনৰ ভিতৰত মাওবাদী নির্মূল কৰা অভিযানৰ অংশ হিচাপে এই মুখামুখি সংঘর্ষ সংঘটিত কৰা হৈছিল যদিও ৰাজ্যখনৰ বিষয়াসকলে জানিবলৈ দিয়ে। কর্তৃপক্ষই মাওবাদী অধ্যুষিত অঞ্চলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জনসাধাৰণক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈও আহ্বান জনায়।