অন্তিম পর্যায়ৰ লোকসভা নিৰ্বাচনত ৬২.৩৬ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ত কালি ৬২.৩৬ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। নির্বাচন আয়োগৰ তথ্য অনুসৰি সপ্তম পৰ্যায়ত বিহাৰত ৫১.৯২, চণ্ডিগড়ত ৬৭.৯০, হিমাচল প্ৰদেশত ৭০.৫, ঝাৰখণ্ডত ৭০.৬৬, ওড়িশাত ৭০.৬৭, পাঞ্জাবত ৬১.৩২, উত্তৰ প্ৰদেশত ৫৫.৫৯ আৰু পশ্চিমবংগত ৭৩.৭৯ শতাংশ ভোটদান সম্পন্ন হৈছে। সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো কালি সামৰণি পৰে। নির্বাচন আয়োগে এটা বিবৃতি যোগে কৈছে যে, লোকসভা নিৰ্বাচনৰ সাতোটা পৰ্যায়ত ভোটগ্রহণ সূচাৰুৰূপে আৰু শান্তিপূর্ণভাবে সম্পন্ন হৈছে। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ড° সুখবীৰ সিং সান্ধুৰ নেতৃত্বত আয়োগে এইবাৰৰ সাধাৰণৰ নিৰ্বাচনৰ সাতোটা পৰ্যায়ত নির্বাচনী প্ৰক্ৰিয়াৰ প্ৰতিটো দিশৰ ওপৰত সূক্ষ্মভাৱে নজৰ ৰাখে। ভোটদাতাসকলে যাতে শংকা বা ভয় অবিহনে ভোটদান কৰিব পাৰে তাৰবাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে নিৰ্বাচনৰ সময়ত কঠোৰ সুৰক্ষা ব্যৱস্থা কৰা হৈছিল বুলি আয়োগে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।