ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা

অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত উত্তৰ-পূব দক্ষতা কেন্দ্ৰই অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে এটা বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধীনৰ এবছৰীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই ধাৰ্য কৰা হৈছে। নামভৰ্তিৰ ক্ষেত্ৰত প্ৰথমে অহা সকলক প্ৰথমে নামভৰ্তিৰ সুবিধা দিয়া হ’ব। প্ৰাৰ্থীসকলে যিকোনো শাখাত দ্বাদশ শ্রেণী উত্তীৰ্ণ হ’ব লাগিব আৰু তেওঁলোকৰ বয়স ১৮ৰ পৰা ২৫ বছৰ হ’ব লাগিব। বৃত্তিমূলক প্রশিক্ষণ কাৰ্যসূচীটোত সৌন্দৰ্য আৰু স্বাস্থ্য, খুচৰা বিক্ৰী সেৱা, খাদ্য আৰু পানীয় সেৱা, গৃহ ব্যৱস্থাপনা ইত্যাদি ক্ষেত্ৰসমূহত প্রশিক্ষণ দিয়া হ’ব। ছিংগাপুৰৰ এটা বৃত্তিমূলক শিক্ষণ প্ৰতিষ্ঠানৰ সহযোগিতাত প্ৰস্তুত কৰা এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ বাবে যাৱতীয় সুবিধা দিয়া হ’ব বুলি উত্তৰ-পূব দক্ষতা কেন্দ্ৰই জানিবলৈ দিছে। ১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া পাঠ্যক্ৰমত প্ৰশিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা থাকিব। অধিক তথ্যৰ বাবে ইচ্ছুক ব্যক্তিয়ে ৮০১১৮৮২০৫২ অথবা ৮০১১৬৬৫৫২৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।