ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 20, 2024 9:14 PM | Coal India

printer

অনিয়ন্ত্রিত খণ্ড আৰু কয়লা আধাৰিত ঘৰুৱা তাপ বিদ্যুৎ প্ৰকল্পত মিশ্ৰণৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ হ্ৰাস

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ অনিয়ন্ত্রিত খণ্ড আৰু কয়লা আধাৰিত ঘৰুৱা তাপ বিদ্যুৎ প্ৰকল্পত মিশ্ৰণৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ হ্ৰাস পাইছে। কয়লা মন্ত্রালয়ে আজি প্ৰকাশ কৰা মতে, অনিয়ন্ত্রিত খণ্ডৰ বাবে কয়লাৰ আমদানি ৯.৮৩ শতাংশ হ্রাস পাই ৬ কোটি ৩২ লাখ ৪০ হাজাৰ টন হৈছে। যোৱা বছৰ এই সময়ছোৱাত কয়লাৰ আমদানি ৭ কোটি ৮ লাখ ১০ হাজাৰ টন আছিল। ইপিনে, বিদ্যুৎ প্ৰকল্পৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ ১ কোটি ৭ লাখ ১০ হাজাৰ টনৰ পৰা ৮.৫৯ শতাংশ হ্রাস পাই ৯৭ লাখ ৯০ হাজাৰ টন হৈছে। অৱশ্যে, এই সময়ছোৱাত তীখা উদ্যোগৰ বাবে ক’ক আৰু কয়লা আধাৰিত তাপ বিদ্যুৎ প্রকল্পৰ বাবে কয়লাৰ আমদানি বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ কয়লাৰ মুঠ আমদানি ১.৩৬ শতাংশ বৃদ্ধি পাই ১২ কোটি ৯৫ লাখ ২০ হাজাৰ টন হয়।