● কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব। ইয়াৰ আগেয়ে আজি দিনৰ ১০ বাজি ৪৫ মিনিটত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীলৈ আনি শেষ শ্রদ্ধা জনোৱা হ’ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বর্ষীয়ান সাংবাদিক গৰাকীৰ কালি বিয়লি প্রায় ৩ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।
ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তর্জাতিক পর্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ কমাৰকুছি গাঁৱত। নলবাৰী গৰ্ডন হাইস্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ নলবাৰী কলেজ আৰু বি বৰুৱা কলেজত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইয়াৰ পাছত তেওঁ বোম্বে কলেজ অৱ জার্নালিজিমৰ পৰা সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্রম সম্পূৰ্ণ কৰে। ১৯৬৩ চনৰ পৰা ১৯৬৬ চনলৈ দি আচাম ট্ৰিবিউন কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা দাসে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬৬ৰ পৰা ১৯৭২ চনলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ প্ৰেছ ইনফৰমেছন ব্যুৰোত তথ্য সহায়ক আৰু সহকাৰী তথ্য বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৯ৰ পৰা ১৯৮৪ চনলৈ তেওঁ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপে কৰ্মৰত আছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ যোজনা আৰু পয়োভৰাৰ জ্যেষ্ঠ সংবাদদাতা হিচাপে প্রায় দুবছৰ কাৰ্যনিৰ্বাহ কৰা দাসে মন্ত্ৰালয়ৰ ক্ষেত্ৰ সম্প্ৰচাৰ সঞ্চালকালয়ৰ অধীনত মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত আঞ্চলিক বিষয়া হিচাপেও কর্মত নিয়োজিত আছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰেছ ইনফৰমেছন ব্যুৰোৰ উপ প্রধান তথ্য বিষয়া হিচাপে নিয়োজিত হয়। উল্লেখযোগ্য যে শ্ৰীলংকাৰ কলম্বোেত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা বিৰাজ দাসে ৪খন ছাৰ্ক শীৰ্ষ সন্মিলনৰ লগতে মালদ্বীপৰ পৰাও বাতৰি যোগান ধৰিছিল। আকাশবাণী গুৱাহাটীৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱাৰ পাছতো তেওঁ কেবাবছৰো আকাশবাণী গুৱাহাটী
আৰু দূৰদৰ্শনৰ অংশকালীন বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। অৱসৰৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অতিথি অধ্যাপক হিচাপে কাম কৰাৰ উপৰি কেইবাটাও ব্যক্তিগত গণমাধ্যম প্রশিক্ষণ প্ৰতিষ্ঠানত জ্যেষ্ঠ প্রশিক্ষক হিচাপেও কাম কৰিছিল। বিৰাজ দাসৰ বিয়োগত আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ৰাজ্যখনৰ সাংবাদিকতাৰ ক্ষেত্ৰৰ সৈতে জড়িত বহু লোকে গভীৰ শোক প্ৰকাশ কৰিছে।