ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছেঃ সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, যে অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলক সৱলীকৰণ- পৰিৱৰ্তনশীল দশকৰ দিশত আত্মনিৰ্ভৰ ভাৰত- বিষয়ক এখন সংবাদমেল সম্বোধন কৰি শ্ৰী সোণোৱালে কয়, যে চৰকাৰৰ এক্টইষ্ট নীতি কার্যকৰী কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ এটা মুখ্য ভূমিকা আছে। চৰকাৰে তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১০ বছৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬০ বাতকৈও বেছি উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। অন্যহতে প্রতি ১৫ দিনৰ মূৰে মূৰে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি আহিছে। তেওঁ লগতে কয়, যে এই পদক্ষেপে জনসাধাৰণক সৱলীকৰণ কৰাৰ লগতে অঞ্চলটোলৈ শান্তি আৰু স্থিৰতা আনিছে। শ্ৰী সোণোৱালে আৰু কয়, যে বিকশিত ভাৰত ২০৪৭ৰ অভিযান বাস্তৱ কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলে মুখ্য ভূমিকা গ্ৰহণ কৰিব।