November 26, 2024 7:36 PM | High Court Decision

printer

অনলাইন ট্রেডিং কেলেংকাৰিত জড়িত ৫ জন অভিযুক্তৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অনলাইন ট্রেডিং কেলেংকাৰি গোচৰত দুজন অভিযুক্তৰ জামিন নাকচ কৰাৰ বিপৰীতে ৫ জন অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে। ভিন ভিন পক্ষৰ অধিবক্তা, তদন্তকাৰী সংস্থা চি বি আইৰ অধিবক্তাৰ ভাষ্য গ্ৰহণৰ পাছত ন্যায়ালয়ে চন্দন নাথ আৰু শুভমজ্যোতি কুৰ্মীৰ জামিন আবেদন নাকচ কৰে। আনহাতে ন্যায়ালয়ে অভিযুক্ত ক্রমে- স্বপ্ননীল দাস, বিশাল ফুকন, জিতেন ডেকা, অভিজিৎ চন্দা আৰু তার্কিক বৰাৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে ট্রেডিঙৰ নামত সাধাৰণ লোকক প্ৰৱঞ্চনাক লৈ ডিব্ৰুগড়, দিছপুৰ আৰু আজাৰা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত এইসকল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সম্প্ৰতি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইয়ে এই গোচৰসমূহৰ তদন্ত চলাই আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।