অটল পেঞ্চন যোজনা ২০৩০-৩১ চনলৈকে অব্যাহত থাকিব বুলি কেবিনেটৰ সিদ্ধান্ত

নতুন দিল্লীত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অটল পেঞ্চন যোজনা ২০৩০-৩১চনলৈকে অব্যাহত থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আঁচনিখনে গ্ৰাহকৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰি ৬০ বছৰ বয়স হোৱাৰ পিছত প্ৰতিমাহে এক হাজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে নিশ্চিত নূন্যতম পেঞ্চন প্ৰদান কৰে। কেবিনেটে লগতে ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংকলৈও পাঁচ হাজাৰ কোটি টকাৰ ইকুইটি চাপৰ্টৰ অনুমোদন জনাইছে। এই পদক্ষেপে প্রায় ২৫ লাখ ৭৪ হাজাৰ নতুন এম এছ এম ই হিতাধিকাৰীক লাভৱান কৰাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।