December 2, 2025 11:47 AM | Atal Pension Yojana

printer

অটল পেঞ্চন যোজনাত কৰা পঞ্জীয়নৰ সংখ্যা ৮ কোটি ৩৪ লাখৰ সীমা অতিক্ৰম

অটল পেঞ্চন যোজনাত কৰা পঞ্জীয়নৰ সংখ্যাই ৮ কোটি ৩৪ লাখৰ সীমা অতিক্ৰম কৰিছে। কালি লোকসভাত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা অৱগত কৰে। ইয়াৰে ৪৮ শতাংশই মহিলা আৰু এই পৰিসংখ্যাই সমগ্ৰ দেশৰ মহিলা হিতাধিকাৰীৰ উল্লেখযোগ্য অংশগ্রহণক প্ৰতিফলিত কৰা বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে।
২০১৫ চনৰ মে’ মাহত আৰম্ভ হোৱা অটল পেন্সন যোজনাৰ লক্ষ্য – নাগৰিক, বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এটা সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা। ১৮ৰ পৰা ৪০ বছৰ বয়সৰ আৰু বেংক চেভিংছ একাউণ্ট বা ডাকঘৰৰ একাউণ্ট থকা ব্যক্তিসকলক এই আঁচনিখনৰ সুবিধা গ্ৰহণৰ বাবে যোগ্য বিবেচিত কৰা হয় । ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে পেঞ্চনৰ সুবিধা লাভ কৰিব আৰু এই ধনৰাশি প্ৰদান প্ৰক্তিয়া ২০৩৫ চনৰ পৰা আৰম্ভ হোৱাৰ আশা কৰা হৈছে।
বিত্তমন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে যে চৰকাৰ আৰু পিএফআৰডিএ অর্থাৎ পেন্সন পুঁজি নিয়ামক আৰু উন্নয়ন কর্তৃপক্ষই গ্রহণ কৰা একাধিক পদক্ষেপে এই আঁচনিখনৰ সজাগতা আৰু প্ৰচাৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিছে। বিশেষকৈ ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমত প্রকাশিত নিয়মীয়া বিজ্ঞাপন, ১৩টা স্থানীয় ভাষাত আঁচনিৰ ব্ৰ’চাৰৰ উপলব্ধতা, আৰু বেংক প্ৰতিনিধি, আত্মসহায়ক গোট তথা অন্যান্য ক্ষেত্ৰৰ কৰ্মীৰ বাবে কৰা ভার্চুৱেল সহযোগিতাৰ ব্যৱস্থাই এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। সজাগতা অভিযানত নাবার্ড, এন চি এফ ই, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আৰু ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানকে ধৰি কেইবাটাও প্রতিষ্ঠানেও সহযোগিতা আগবঢ়াই অহাৰ লগতে ইণ্টাৰনেট বেংকিং, মোবাইল এপ আৰু বেংক প’ৰ্টেলৰ দৰে ডিজিটেল মাধ্যমসমূহে অটল পেন্সন যোজনাৰ হিতাধিকাৰীসকলৰ বাবে অনলাইন প্রক্রিয়া সহজ কৰি তুলিছে ৷
এই আঁচনিখন ডাক বিভাগ আৰু বেংকৰ এটা বিস্তৃত নেটৱৰ্কৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে য’ত ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত বেংক, আঞ্চলিক গ্রাম্য বেংক, ক্ষুদ্র বিত্তীয় বেংক আৰু পিএফআৰডিএৰ অধীনত পইণ্ট অৱ প্ৰেজেন্স হিচাপে পঞ্জীয়নভুক্ত সমবায় বেংকো অন্তর্ভুক্ত আছে।