অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত আজি নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে হোৱা এটা মত- বিনিময় অনুষ্ঠানত সমাগত নির্বাচনত বজালী সমষ্টিত অগপই প্রার্থিত্ব বিচৰাৰ কথা প্ৰকাশ কৰে। ইংৰাজী নৱবৰ্ষত বজালীৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ বাবে অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড০ ৰঞ্জিত ডেকাই মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি এই সমষ্টিটো অগপক এৰি দিয়াৰ পোষকতা কৰে। তেওঁ কয় যে অগপ-বিজেপি লগ হৈ অসমৰ উন্নতিৰ হকে কাম কৰি আহিছে আৰু এই সমন্বয়েৰে অসমত ২০২৬ত পুনৰ বিজেপি-অগপই চৰকাৰ গঠন কৰিব বুলি তেওঁ মন্তব্য কৰে।
Site Admin | January 6, 2026 7:07 AM | AGP | Akashvani | Akashvani Guwahati | Local news | Political News | Political Party
অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান